thumbnail

By

Published : May 4, 2023, 7:22 PM IST

ETV Bharat / Videos

Zubeen Garg concert: মাজুলীত জুবিন গাৰ্গ, নিলোৎপল বৰাৰ সংগীতে মুহিলে দৰ্শকক

মাজুলী, 4 মে’: বুধবাৰে নিশা মাজুলীৰ নতুন বজাৰত অনুষ্ঠিত হৈ যায় ব’হাগী উৎসৱ সাংস্কৃতিক মঞ্চৰ এটি বিশেষ সংগীতানুষ্ঠান (Bohagi festival in Majuli) ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ কেইবাগৰাকী সংগীত শিল্পীয়ে ৷ 

ব’হাগী উৎসৱ সাংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সংগীতানুষ্ঠান মঞ্চস্থ কৰে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ লগতে অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নিলোৎপল বৰাই  ৷ মঞ্চত দুয়োগৰাকী কণ্ঠশিল্পীক একেলগে সংগীত পৰিৱেশন কৰা দেখা যায় ৷  

এই সংগীতানুষ্ঠানত উপস্থিত হয় মাজুলীৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শক ৷ জুবিন গাৰ্গ আৰু নিলোৎপল বৰাৰ গীতত মুগ্ধ হৈ পৰে উপস্থিত হাজাৰ হাজৰ দৰ্শক (Zubeen and Nilotpal in Majuli)। জুবিন গাৰ্গে গীত পৰিবেশন কৰি থকাৰ মাজতে অলপ সময়ৰ বাবে শান্ত হৈ দৰ্শক ৷ অৱশ্যে দৰ্শকক শান্ত দেখা পাই জুবিন গাৰ্গে কয়, ‘‘কি হ’ল সকলো শান্ত যে, সকলোৱে কৈছে মই শান্ত হৈ গ’লো, আজিৰ পৰা উজনি অসমত সোমাইছোঁহে আজিৰ পৰা উৎপাত কৰিম।’’

ইফালে মাজুলী শীৰ্ষক গীতৰ মাজতে জুবিন গাৰ্গে ক’লে, ‘‘এতিয়া ১০ টকা নহয় মাজুলীলৈ আহিবলৈ ভাড়া লাগে ৩০ টকা, ২০ বছৰ আগতে আছিল ১০ টকা ।’’

লগতে পঢ়ক: Raghupati movie songs : ৰবি শৰ্মাৰ ছবি ৰঘুপতিৰ প্ৰথম ৰোমান্টিক গীতটো চালেনে আপুনি ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.