thumbnail

International Yoga Mahotsav 2023 : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ

By

Published : Apr 7, 2023, 10:02 AM IST

মৰাণ, ৭ এপ্ৰিল : ডিব্ৰুগড়ত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী (International Yoga day observed in Dibrugarh) । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৭৫ দিনীয়া 'যোগ মহোৎসৱ'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal at Yoga Mahotsav in Dibrugarh) ।

ইয়াৰ উপৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা, অৰুণাচল প্ৰদেশৰ চাউনা মিন', কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী প্ৰমুখ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী নেতাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Yoga Mahotsav in Dibrugarh University) ।

আনহাতে, এই যোগ মহোৎসৱত অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ সপম ৰঞ্জন সিং, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া আৰু সঞ্জয় কিষাণ, মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এম এমপাৰীন লিংডো, ছিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী লাল বাহাদুৰ দাস, অসমৰ প্ৰাক্তন মন্ত্ৰী তথা হাউছফেডৰ অধ্যক্ষ ভৱেশ কলিতা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলো (International Yoga Mahotsav 2023) । উল্লেখ্য, এই যোগ মহোৎসৱত উজনি অসমৰ কেইবাখনো জিলাৰ প্ৰায় ছয় হাজাৰ লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :World Health Day 2023: জানক কিয় আজিৰ দিনটোতে পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.