thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 12:23 PM IST

ETV Bharat / Videos

গোৱালপাৰাৰ মৰনৈত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই

গোৱালপাৰা, 27 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ বিশেষকৈ গোৱালপাৰা জিলাত দিনক দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে ৷ গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাড়িত দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হ’ল এগৰাকী মহিলা ৷ নিহত মহিলাগৰাকী শৰভানু বেগম বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, নিশা প্ৰায় 11 মান বজাত আহাৰ গ্ৰহণ কৰি বাচন ধুবলৈ কুঁৱাৰ পাৰলৈ গৈছিল মহিলাগাৰীক । বাচন ধুই থকাৰ সময়তে বনৰীয়া হাতীয়ে শুঁৰেৰে মেৰিয়াই ধৰে মহিলাগৰাকীক ৷ তাৰ পাচতে মহিলাগৰাকীক গচকি দিয়ে বন্যহস্তীয়ে ৷ আনহাতে, নিশাৰ ভাগতে বন বিভাগৰ দল আৰু মৰনৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷

স্থানীয় ৰাইজৰ মতে, এটা বন্যহস্তীয়ে মৰনৈৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছে ৷ পূৰ্বেও হাতীটোৰ আক্ৰমণত কেইবাজনো লোক নিহত হৈছে বুলি উল্লেখ কৰে ৰাইজে ৷ 

লগতে পঢ়ক : ধন দাবীৰ অভিযোগত অ’চিসহ চাৰি আৰক্ষীৰ ৰিজার্ভ ক্ল’জ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.