thumbnail

By

Published : Aug 15, 2022, 10:17 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

বিহপুৰীয়াৰ বৰবালিত ১০০ মিটাৰ দৈৰ্ঘ্যৰ পতাকাৰে ত্রিৰংগা যাত্ৰা

ভাৰতৰ আন ৰাজ্য়ৰ লগতে অসমতো সোমবাৰে পালন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Years of Independence)। বৰ্ষজোৰাকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav)পালন কৰাৰ পিছত সোমবাৰে ঘৰে ঘৰে উত্তোলন কৰিলে জাতীয় পতাকা । ৰাজ্য়ৰ আন জিলাৰ লগতে লখিমপুৰতো পালন কৰা হয় স্বাধীনতা দিৱস । এই দিৱস উপলক্ষে বিহপুৰীয়াৰ বৰবালিত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা(Triranga Yatra at Bihpuria in Lakhimpur)। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বৰবালি গাঁও পঞ্চায়তৰ উদ্যোগত সোমবাৰে স্বাধীনতা দিৱসৰ দিনটোত ত্রিৰংগা যাত্ৰা শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত যাত্ৰাত বৰবালি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ- ছাত্ৰী, স্থানীয় দল-সংগঠন আদিয়ে অংশ গ্ৰহণ কৰে । এই ত্রিৰংগা যাত্ৰাত ১০০ মিটাৰ দৈৰ্ঘ্যৰ এখন জাতীয় পতাকা লৈ সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰে হাজাৰ হাজাৰ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.