Raghav Parineeti Wedding : নৱৰাজ হান্সৰ গীতত নাচিলে পৰিণীতি-ৰাঘৱ, এই সন্দৰ্ভত কি ক’লে কণ্ঠশিল্পীগৰাকীয়ে

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:12 PM IST

Updated : Sep 24, 2023, 9:27 PM IST

thumbnail

চিটাৰা ডেস্ক, 24 ছেপ্টেম্বৰ: আৰু মাত্ৰ কিছু সময় পিচতে বিবাহপাশত আবদ্ধ হ’ব বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ চাড্ডা । ইফালে বিবাহৰ এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে নিশা সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত পাঞ্জাৱী কণ্ঠশিল্পী নৱৰাজ হান্সে নিজৰ সংগীতেৰে উপস্থিত সকলোকে নৃত্য কৰিবলৈ বাধ্য কৰায় ৷ সংগীত নাইট অনুষ্ঠানৰ আটাইতকৈ বিশেষ কথাটো হ’ল ইয়াত অংশগ্ৰহণ কৰা সকলো চেলিব্ৰিটিয়ে সম্পূৰ্ণ আনন্দ লয় ৷

৯০ দশকৰ থিমৰে আয়োজন কৰা হৈছিল এই সংগীতানুষ্ঠানৰ । পৰিণীতি-ৰাঘৱৰ সংগীত নাইটত নিজৰ কণ্ঠৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি আজি উভতি অহাৰ সময়ত ডাবক বিমানবন্দৰত সংবাদ মাধ্যমক নৱৰাজ হান্সে কয় যে সংগীত নাইটত তেওঁ সকলো ধৰণৰ গীত পৰিৱেশন কৰিছিল। বিশেষকৈ পাঞ্জাবী গীতৰ বাবে সকলোৱে অনুৰোধ কৰিছিল। ইয়াৰ উপৰিও মোৰ ছবিসমূহৰ গীতবোৰ পৰিণীতিয়ে ভাল পায়, সেয়েহে সেই গীতবোৰে মই পৰিৱেশন কৰিছিলো ৷

Last Updated : Sep 24, 2023, 9:27 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.