কাইলৈৰ পৰা শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হ’ব মাজুলী, উদুলি-মুদুলি পৰিৱেশ নদীদ্বীপত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 2:25 PM IST

মাজুলী, 25 নৱেম্বৰ : দেওবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাজুলীটো আৰম্ভ হ’ব ৰাস মহোৎসৱ ৷ ইতিমধ্য সাজু হৈ উঠিছে মঞ্চসমূহ ৷ ইফালে শাৰদীয় ৰাস মহোৎসৱৰ মূৰ্চনাত বিলিন হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী । মাজুলীত এতিয়া উদুলি-মুদুলি পৰিৱেশ ৷ কাইলৈৰ পৰা গকুল-বৃন্দাবনলৈ পৰ্যবেসিত হ’ব সমগ্ৰ মাজুলী ৷

প্ৰতি বছৰৰ দৰে এইবাৰো মাজুলীৰ অৰ্দ্ধ শতাধিক মঞ্চ আৰু 12 খনকৈ সত্ৰ সাজু হৈছে এই ৰাস মহোৎসৱ আয়োজনৰ বাবে । আধ্যাত্মিক পৰিৱেশ মাজতে অন্য মঞ্চ দৰে দাক্ষিণপাট সত্ৰতো ৰাস আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । আনহাতে, আজিৰ পৰা দক্ষিণপাট সত্ৰত আৰম্ভ হ’ব ৰাসৰ অধিবাস ।

পূৰ্বৰ পৰম্পৰা অটুট ৰাখিয়ে আধ্যাত্মিক পৰম্পৰাৰে ৰাসলীলা অনুষ্ঠিত কৰি আহিছে দক্ষিণপাট সত্ৰত । কিন্তু মঞ্চত নহয়, এইবর্ষত দক্ষিণপাট সত্ৰৰ নামঘৰতে অনুষ্ঠিত হ’ব ৰাসলীলা । এই কথা জানিবলৈ দিছে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে ৷

লগতে পঢ়ক : উত্তৰ কমলাবাৰী সত্ৰৰ ৩৫০ বছৰীয়া গৌৰৱোজ্বল ৰাসৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.