বয়সৰ ক্ষেত্ৰত আছুৱে ল’লে কঠোৰ সিদ্ধান্ত - AASU
🎬 Watch Now: Feature Video
Published : Nov 23, 2023, 2:46 PM IST
মৰিগাঁও, 23 নৱেম্বৰ : আছুৰ কেন্দ্ৰীয় অষ্টাদশ অধিৱেশনৰ আজি অন্তিমটো দিন । ইফালে বুধবাৰে নিশাৰ ভাগত অনুষ্ঠিত প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল বুলি উল্লেখ কৰে আছুৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ৷
আছু নেতা শৰ্মাই কয় যে, আছুত জ্যেষ্ঠ ছাত্ৰ নেতাৰ বাবে এইবাৰ ‘‘আমন্ত্ৰিত সদস্যৰ’’ ফৰ্মূলা গ্ৰহণ কৰা হৈছে ৷ তেওঁ কয়, ‘‘আছুৰ উপদেষ্টাৰ বাবে বয়স আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত নাথাকিব কোনো ধৰা বন্ধা নিয়ম ৷ যদি কোনো জিলা ছাত্ৰ সন্থাই সংগঠন শক্তিশালী কৰিবৰ বিচাৰিব তেতিয়া হ’লে পৰামৰ্শ আৰু প্ৰয়োজন সাপেক্ষে জ্যেষ্ঠ নেতা বা প্ৰাক্তন ছাত্ৰ নেতাক পুনৰ সদস্য হিচাপে মনোনীত কৰা হ’ব ৷’’
আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য প্ৰসংগত তেওঁ কয়, ‘‘লখিমপুৰ আৰু মৰিগাঁৱত অনুষ্ঠিত প্ৰতিনিধি সভাত তেওঁক আছুতে থকাৰ পৰামৰ্শ দিয়া হৈছে ৷ তেওঁ আছুত থাকিব নে নাই সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত ৷’’