Illegal foreign liquor destroyed: বোকাজানত ৩০ হাজাৰ লিটাৰ বিলাতী সুৰা বিনষ্ট
🎬 Watch Now: Feature Video
ৰাজ্য়জুৰি অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী-আবকাৰী বিভাগৰ অভিযান অব্য়াহত আছে । ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ বোকাজানত মঙলবাৰে ৩০ হাজাৰ লিটাৰ অবৈধ বিলাতী সুৰা বুলড'জাৰৰে বিনষ্ট কৰা হয়(Illegal foreign liquor destroyed in Bokajan)। বিগত সময়ত বোকাজানৰ আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰা ৩০ হাজাৰ লিটাৰ বিলাতী সুৰা ধ্বংস কৰা হয় । ইয়াৰে ১০,১২৪ লিটাৰ হুইস্কী আৰু ২০,২৯৪ লিটাৰ বিয়েৰ । বিনষ্ট কৰা অধিক সংখ্যকেই মেঘালয় আৰু অৰুণাচলৰ পৰা চোৰাং ভাবে সৰবৰাহ কৰা সুৰা। উল্লেখ্য় যে বোকাজান মহকুমাৰ আৰক্ষী থানাত এই সন্দৰ্ভত ১৯ টা গোচৰ ৰুজু হৈ আছিল বুলি আৰক্ষী আৰু আবকাৰী বিভাগে সদৰি কৰিছে । এই ১৯ টা গোচৰৰ ভিত্তিতে ধ্বংস কৰা হয় বৃহৎ পৰিমানৰ সুৰাৰ বটলখিনি । উক্ত কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং(Chief Executive Member Tuliram Ronghang)। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আগলৈও অবৈধ সুৰাৰ বিৰুদ্ধে এনে অভিযান অব্য়াহত থাকিব বুলি উল্লেখ কৰে । বুলড'জাৰ চলাই ধ্বংস কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৫৮ লাখ ৩৯ হাজাৰ টকা বুলি আবকাৰী বিভাগে সদৰি কৰিছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST