জোনাইত স্বাধীনতা দিৱসত প্ৰীতি ফুটবল

By

Published : Aug 16, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ভাৰতৰ আন ৰাজ্য়ৰ লগতে অসমতো সোমবাৰে পালন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Years of Independence)। বৰ্ষজোৰাকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav)পালন কৰাৰ পিছত সোমবাৰে ঘৰে ঘৰে উত্তোলন কৰিলে জাতীয় পতাকা । ৰাজ্য়ৰ আন জিলাৰ লগতে জোনাইতো স্বাধীনতা দিৱস পালন কৰা হয় । এই উপলক্ষে জোনাই প্ৰশাসনে এখন প্ৰীতি ফুটবল খেলৰ আয়োজন কৰে(Jonai administration organized football match)। এই খেলখন জোনাই মহকুমাধিপতি একাদশ আৰু জোনাই প্ৰেছ ক্লাৱৰ মাজত অনুষ্ঠিত হয় । জোনাই গান্ধী ময়দান খেলপথাৰত বিয়লি ৪.৩০ বজাত জোনাই মহকুমাধিপতি একাদশ আৰু জোনাই প্ৰেছ ক্লাৱৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল খেলখনত জোনাই মহকুমাধিপতি একাদশ বিজয়ী হয় ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.