ASP Subhalakshmi Dutta case : আজি নাজিৰা আদালতত হাজিৰৰ সম্ভাৱনা শুভলক্ষ্মী দত্তৰ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:30 PM IST

thumbnail

শিৱসাগৰ, 9 ছেপ্টেম্বৰ: অৱশেষত 9 ছেপ্টেম্বৰৰ দিনা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই ৷ ভুক্তভোগী বনকৰা মহিলাগৰাকীয়ে নাজিৰা থানাত প্ৰদান কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বিতৰ্কিত আৰক্ষী বিষয়া দত্তক । শিৱসাগৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ পাছত নাজিৰা আদালতলৈ প্ৰেৰণ কৰা হয় বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক । 

নাজিৰা আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ তদুপৰি, শনিবাৰ বন্ধৰ দিন হোৱা হেতুকে বিশেষ আদালতত বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক ৷ 

মানৱ অধিকাৰ আয়োগতো ৰুজু কৰা হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৷

লগতে পঢ়ক: ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.