ৰাইজক বিপথে পৰিচালিত কৰিছে হিমন্ত চৰকাৰে : এটোৱা মুণ্ডা - new service tax in india
🎬 Watch Now: Feature Video
Published : Nov 25, 2023, 7:35 AM IST
ডিব্ৰুগড়, 25 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ নতুন কৰ নীতিৰ বিৰুদ্ধে শুকুৰবাৰে টিংখাঙত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ টিংখাং ব্লকৰ উদ্যোগত এই প্ৰতিবাদী কৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আনহাতে, উক্ত প্ৰতিবাদ অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা এটোৱা মুণ্ডাও ৷ টিংখাঙৰ ৰাজগড়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অংশগ্ৰহণ কৰি মুণ্ডাই কয় যে কৰ জাপি দি বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ মূৰত মাধমাৰ সোধাইছে ৷
তেওঁ কয়, ‘‘বিহু পাতিলে ঠিকে ৷ কিন্তু ৰাইজে এতিয়া কৰ দিব লগা হৈছে ৷ খেল মহাৰণ পাতিছে, কিন্তু খেলুৱৈয়ে কৰ দিব লাগিব ৷ যদি খেলুৱৈয়ে কৰ দিব লাগে, তেতিয়া হ’লে কেনেকৈ খেলৰ প্ৰতি আগ্ৰহ বাঢ়িব খেলুৱৈৰ ! এক প্ৰকাৰে ৰাইজক বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰে’’ ৷
লগতে পঢ়ক:উজনিত দুই বিধায়কৰ মাজত টনা-আঁজোৰা; সমষ্টি পুনৰ নিৰ্ধাৰণৰ ছাইড এফেক্ট বুলিও ভাবিব পাৰে !