Bol Bom at Pasighat in Arunachal: পাছিঘাটৰ ডাঙৰীয়া মন্দিৰত ভক্তৰ ভিৰ

By

Published : Aug 8, 2022, 1:58 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
পৱিত্ৰ শাওন মাহৰ চতুৰ্থ দেওবাৰে তথা বল বোমৰ অন্তিম দিনা শিৱ ভক্তসকলে বিভিন্ন ঠাইত পূজা-অৰ্চনা কৰি আহিছে । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য স্থানসমূহৰ দৰে পাছিঘাটৰ ডাঙৰীয়া মন্দিৰত অগণন শিৱ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়( Devotee crowded at Pasighat Dangaria Temple)।অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাছিঘাটৰ ডাঙৰীয়া মন্দিৰত দেওবাৰৰ সন্ধিয়াৰে পৰাই শিৱ ভক্ত সকলৰ বলবোমৰ লানি নিচিঙা সোঁত বয়(Bol Bom at Pasighat in Arunachal)৷ অসমৰ বিভিন্ন জিলাৰ ভক্তকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও অগণন শিৱভক্তই সীমান্তৰ অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ চিয়াং নদীৰ পাৰৰ ৰানাঘাটত উপস্থিত হোৱাত এক আকৰ্ষণীয় পৰিবেশৰ সৃষ্টি হোৱা দেখা যায় । অগণন শিৱ ভক্তৰ বলবোম ধ্বনিয়ে এই স্থানখনক অন্য় ৰূপত দেশবাসীৰ আগত দাঙি ধৰে ৷ ভক্তপ্ৰাণ ৰাইজে চিয়াং নদীৰ পাৰত শিৱ বাবাক স্মৰণ কৰি পানী তুলি অনাৰ পিছতে পাচিঘাটৰ ডাঙৰীয়া মন্দিৰত পানী ঢালি অগণন ভক্তই নিজৰ নিজৰ মনোবাঞ্ছা তথা পৰিয়ালৰ মংগল কামনা কৰে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.