বিজেপিৰ নিৰ্মূল কৰিবলৈ গাঁৱে-ভূঞে যাব তৃণমূল কংগ্ৰেছ অসম

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 2:55 PM IST

তিনিচুকীয়া, 26 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাসকল ব্যস্ত হৈ পৰা দেখা গৈছে ৷ শাসক বিৰোধীৰ মাজত চলিছে বাকযুদ্ধ ৷ মুঠতে নিৰ্বাচনৰ প্ৰাকক্ষণত ইখনৰ পাচত সিখনকৈ সভা অনুষ্ঠিত কৰি দলীয় শক্তি প্ৰদৰ্শনত ব্যস্ত হোৱা দেখা গৈছে ৰাজনৈতিক দলসমূহে ৷  

দেওবাৰে তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত অসম তৃণমূল কংগ্ৰেছৰ এখন কৰ্মীসভা অনুষ্ঠিত হয় ৷ উক্ত সভাত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কৰৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তক বাতিল কৰাৰ দাবী জনাই বৰাই কয় যে, মূল্যবৃদ্ধিৰ পাচত অতিৰিক্ত কৰৰ বোজা অসমৰ ৰাইজৰ মূৰত জাপি দি ৰাইজক মাধমাৰ সোধাইছে চৰকাৰে ৷

টি এম চিৰ নেতা বৰাই কয়, ‘‘কৰ্মীসভাৰ জৰিয়তে আগন্তুক নিৰ্বাচনত কেনেকৈ বিজেপিক উৎখাত কৰিব পাৰি তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি গাঁৱে-ভূঞে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে প্ৰৱেশ কৰিব ৷’’

লগতে পঢ়ক ; অমৃত কালত দলং এখন বিচাৰি ৰাইজে কৰিবলগীয়া হৈছে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.