Assam State Power Workers Union protest: ডিব্ৰুগড়ত আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ কৰ্মী সন্থাৰ প্ৰতিবাদ - ডিব্ৰুগড়ত আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ কৰ্মী সন্থাৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ ডিব্ৰুগড় কাৰ্যালয়ত সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ বহিঃ উৎসৰ কৰ্মীসকলে (Assam State Power Workers Union protest in Dibrugarh) । অসম শক্তি বিভাগে শেহতীয়াকৈ আৰম্ভ কৰা ডিজিটেল চিষ্টেমৰ ফলত পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ বহিঃ উৎসৰ কৰ্মীসকলৰ জীৱনলৈ নামি আহিছে অভাৱনীয় সংকট । কিয়নো সুদীৰ্ঘ ১৫ বছৰ ধৰি অস্থায়ী ভিত্তিত নিযুক্ত এইসকল কৰ্মীক ৰাজ্য চৰকাৰৰ শক্তিবিভাগে আজিৰ দিনটোলৈকে কৰা নাই স্থায়ী নিযুক্তি । ৰাজ্যখনৰ বিভিন্ন জিলাত নিযুক্ত হৈ থকা এনে পাঁচহাজাৰ আসাম ষ্টেট পাৱাৰৰ বহিঃ উৎসৰ কৰ্মীক চৰকাৰে শেহতীয়াকৈ পদৰ পৰা অব্যাহতি দিবলৈ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, সেই কাৰ্যক আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ বহিঃ উৎসৰ কৰ্মীসকলে সহজে মানি নলয় বুলি স্পষ্ট কৰি দিছে । ইয়াৰ পৰিৱৰ্তে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন আৰম্ভ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে । লগতে চৰকাৰে বহিঃ উৎসৰ কৰ্মীসকলৰ চাকৰি বিলুপ্ত হ'লে তেওঁলোকৰ পৰিয়ালৰ ভৰন-পোষণ চৰকাৰেই গ্ৰহণ কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST