Municipal election 2022: ৰঙিয়াত নিৰ্বাচন কেন্দ্ৰীক সংঘাত

By

Published : Mar 3, 2022, 10:19 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail
পৌৰসভা নিৰ্বাচনক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি । শাসক বিৰোধীৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থীয়েও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ মাজতেই ৰঙিয়াত নিৰ্বাচন কেন্দ্ৰীক সংঘাত(Election centric conflict in Rangia) । ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী সুৰজিত পালৰ বিভিন্ন স্থানত বেনাৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই । BJP প্ৰাৰ্থীৰ সমৰ্থকে এই দুস্কাৰ্য কৰাৰ অভিযোগ সুৰজিত পালৰ । উল্লেখযোগ্য যে ৬ নং ৱাৰ্ডত আছে দুগৰাকী প্ৰাৰ্থী । বিজেপিৰ প্ৰাৰ্থী উত্তম পাল আৰু নিৰ্দলীয় প্ৰাৰ্থী সুৰজিত পাল । এই ঘটনাৰ পিছতে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদত বহে নিৰ্দলীয় প্ৰাৰ্থী সুৰজিত পালে । আনফালে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি প্ৰাৰ্থী উত্তম পালে কয় যে পৰাজয় নিশ্চিত বুলি শংকিত হৈ এয়া নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে নাটক কৰিছে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.