সোনোৱাল কছাৰীসকলৰ ধাম খৱা সবাহ পালন - সোনোৱাল কছাৰীসকলৰ ধাম খৱা সবাহ পালন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 28, 2022, 9:30 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

অসমৰ ভুমিপুত্ৰ সোনোৱাল কছাৰীসকলৰ (sonowal kachari tribe in Assam ) অন্যতম প্ৰতিষ্ঠান 'সোণোৱালৰ ভাষাত কথা-বতৰা' কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ আতিথ্যত সোমবাৰে মৰাণ নতুন নগৰ নবাৰুণ সংঘত চতুৰ্থ বাৰ্ষিক ধাম খৱা সবাহ খনি অনুষ্ঠিত হয় (Dham khowa Sabha celebrated at Moran) । সোমবাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । এই গ্ৰন্থকেইখনৰ ভিতৰত সোনোৱালৰ ভাষাত 'শব্দকোষ' উন্মোচন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ সোনোৱালে । অন্ধ-শৰ-সন্ধান গ্ৰন্থ উন্মোচন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালে । বহাগৰ বাউলী বাঃ গ্ৰন্থ উন্মোচন কৰে সোণোৱালৰ ভাষাত কথা-বতৰা' কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নন্দেশ্বৰ কছাৰীয়ে । 'সোণোৱালৰ ভাষাত কথা-বতৰা' কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সদস্য দীপুৰঞ্জন মাক্ৰাৰী, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.