শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা - Sankar Sangha adhiveshan at Naharkatia
🎬 Watch Now: Feature Video
শুকুৰবাৰৰ পৰা নাহৰকটীয়া ৰাঙলী পথাৰৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন আৰম্ভ হৈছে (Sankar Sangha adhiveshan at Naharkatia) ৷ ইতিমধ্যে হৰি নামেৰে মুখৰিত হৈ পৰিছে বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। শনিবাৰে অনুষ্ঠিত হৈছে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা (Cultural rally of Srimanta Sankardev Sangha Adhibeshan) ৷ এই শোভাযাত্ৰাত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ভাওনাৰ পৰা আৰম্ভ কৰি অসমীয়াৰ সমাজ জীৱনৰ সকলো সম্বলয়ে প্ৰতিফলিত হোৱা পৰিলক্ষিত হয় ৷ এই শোভাযাত্ৰাত হাজাৰ হাজাৰ নাহৰকটীয়াৰ ভকতে পদপথত বস্ত্ৰ পাৰি শৰণত সেৱা লয় ৷ ইফালে দেশ-বিদেশৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত ভক্তসকল আহি অধিৱেশনস্থলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:18 PM IST