ড্ৰাগছৰ ঘাটিত ড্ৰাগছ মাফিয়াই চলালে গুলী !

By

Published : Sep 12, 2021, 8:04 PM IST

thumbnail
বৰপেটাৰ পালহাজীত শনিবাৰে নিশা এক গুলী চালনাৰ ঘটনা সংঘটিত হৈছে ৷ জানিবপৰা মতে, ড্ৰাগছ ব্যৱসায়ৰ ঘাটি হিচাপে পৰিচিত বৰপেটাৰ পালহাজীত ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁইকৈ গুলী ৷ নামনি অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰ উক্ত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ বিষয়ে আৰক্ষীক খবৰ দিয়াৰ সন্দেহতে আলিপ হুছেইন নামৰ লোকজনৰ ঘৰৰ সন্মুখত ড্ৰাগছ মাফিয়াই চলালে গুলী ৷ শনিবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত এই গুলী চালনাৰ ঘটনাৰ পিচৰেপৰাই আতংকত ভুগিছে আলিপ হুছেইনৰ পৰিয়ালে ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, তিনি জাই গুলি ফুটাই মটৰ চাইকেলেৰে আঁতৰি যায় দুই যুৱক ৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালি কাৰ্টিজ আৰু আন দুটা সজীৱ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি ঘটনাটোৰ পিচতেই বৰপেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত এজন যুৱকক সোধপোছৰ বাবে আটক কৰা বুলি গাঁওবাসীয়ে জানিবলৈ দিছে যদিও আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে এতিয়াও কোনো কথাই সদৰি কৰাৰ পৰা বিৰত আছে ৷ ইপিনে ড্ৰাগছ ব্যৱসায়েৰে বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ সন্দেহত আৰক্ষীয়ে ইতিপূৰ্বে ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ ঘৰৰ পৰা এখন এক্সকেভেটৰ আৰু দুখনকৈ ট্ৰেক্টৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ ব্যৱসায়ৰ ঘাটিত ড্ৰাগছ মাফিয়া মুক্তাৰৰ গুলী চালনাৰ ঘটনাক লৈ সমগ্ৰ পালহাজী অঞ্চলত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.