thumbnail

By

Published : Mar 6, 2022, 3:50 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে 48 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival 2022) ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ডিফুস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৰকাৰী বাংলোত এখন সংবাদমেলত উপস্থিত থাকি অসমত জেহাদীৰ কাৰ্যকলাপে অশুভ সংকেত বহন কৰিছে বুলি মন্তব্য কৰে (CM Himanta Biswa Sarma organaize press conference at Diphu) ৷ লগতে ইউক্ৰেইনত আৱদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা চেষ্টা চলাই থকা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি, অসমৰ বিভিন্ন স্থানত চৰকাৰী কাৰ্যালয় বিভিন্ন চৰকাৰী ভূমিত বেদখল হৈছে সেইবোৰ ক্ৰমান্বয়ে বেদখল মুক্ত কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি বিহু সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় 7 দিনৰ ভিতৰত বিহু পাতিব লাগিব বুলি কোৱা কথাষাৰ তেওঁ অস্বীকাৰ কৰি কয় বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ ৷ কেৱল প্ৰথম 7 দিনত অনুষ্ঠিত কৰা 1900 বিহু সমিতিলৈ ডেৰলাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ‘ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.