শিৱসাগৰত কংগ্ৰেছ দলৰ প্ৰতিবাদ - শিৱসাগৰত কংগ্ৰেছ দলৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰাজীৱ ভৱনৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ ৷ শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি ৰাজীৱ ভৱনৰ সন্মুখত জিলা সদস্যসকলে ৰূপায়ন কৰে এক প্ৰতিবাদ কাৰ্যসূচী । কৃষি বিধেয়ক ৰাজ্যসভাত গৃহীত কৰাৰ সময়ত প্ৰতিবাদ কৰা কংগ্ৰেছৰ সাংসদ ৰিপুন বৰাকে ধৰি বিৰোধী সাংসদসকলক নিলম্বিত কৰাৰ প্ৰতিবাদত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ হাতে হাতে বিভিন্ন বেনাৰ পোষ্টাৰলৈ বিজেপি চৰকাৰৰ বিৰোধিতাৰে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে নতুন কৃষি বিধেয়ক আৰু সংশোধিত সেৱা আইনে সাধাৰণ জনতাক মাধমাৰ মাৰিব বুলি আশংকা প্ৰকাশ কৰে । লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈয়ো আহ্বান জনায় ।