চিপচৰ পেকেটৰ নামত বৰবিহ বিক্ৰী ! - শিশু
🎬 Watch Now: Feature Video

আপোনাৰ শিশুটিয়ে চিপছ খাই ভাল পাই নেকি ৷ যদি খাই তেনেহ’লে আজিৰে পৰা সাৱধান হওক । কাৰণ নানা ৰং-বিৰঙৰ ম্যাদ উকলা চিপচৰ পেকেটেৰে ভৰি পৰিছে চামগুৰি লাওখোৱাৰ কেইবাখনো দোকান । গ্ৰাহকৰ ৰূপত যোৱা সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ম্যাদ উকলা চিপচৰ শাৰী শাৰী পেকেটবোৰ বিনাদ্বিধাই দোকানত ওলোমাই থোৱাৰ দৃশ্য। কি পাইকাৰী দোকান, কি খুচুৰা দোকান ৷ চামগুৰিৰ লাওখোৱাৰ কেইবাখনতো দেখা গ'ল চিপচৰ নামত কিদৰে বিক্ৰী কৰি আহিছে বৰবিহ ।