ETV Bharat / state

ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ অনাদায় হৈ আছে ২৫ কোটি টকাৰ বিদ্যুৎ মাচুল - POWER SUPPLY TO ANGANWADI CENTRES

চৰকাৰী বিভাগসমূহে কোটি কোটি টকা আদায় দিবলৈ থকাৰ পাছতো বিদ্যুৎ কৰ্তন কৰিবলৈ সাহস নকৰে এ পি ডি চি এলে ।

POWER SUPPLY TO ANGANWADI CENTRES
ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ অনাদায় হৈ আছে ২৫ কোটি টকাৰ বিদ্যুৎ মাচুল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 7:32 PM IST

গুৱাহাটী: বিদ্যুৎ মাচুল বৃদ্ধিৰে উপভোক্তাক কেকোঁৰা-চেপা দিয়া ৰাজ্যৰ শক্তি বিভাগে কিন্তু চৰকাৰী বিভাগসমূহৰ পৰা মাচুল আদায় কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । স্মাৰ্ট মিটাৰৰ যোগেদি বেলেন্স নাথাকিলে সাধাৰণ উপভোক্তাৰ নিমিষতে বিদ্যুৎ কৰ্তন কৰা হয় । কিন্তু চৰকাৰী বিভাগসমূহৰ অনাদায় হৈ থকা বৃহৎ পৰিমাণৰ বিদ্যুৎ মাচুল সংশ্লিষ্ট কৰ্তৃপক্ষই আদায় কৰিবলৈ সক্ষম নহয় । ইফালে স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগৰ পৰা শক্তি বিভাগ এতিয়াও মুক্ত হোৱা নাই ।

এক কথাত চৰকাৰী বিভাগৰ পৰা বিদ্যুৎ মাচুল আদায় কৰিব নোৱাৰি সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে শক্তি বিভাগে । প্ৰতি বছৰে বিভিন্ন উপায়েৰে তথা অজুহাতত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হয় আৰু যাৰ বোজা বহন কৰে সাধাৰণ জনতাই । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী বিভাগসমূহৰ বিদ্যুতৰ মাচুলৰ পৰিমাণ প্রতিদিনেই বৃদ্ধি পাইছে । এখনৰ পাছত আনখনকৈ জাননী দিও বিদ্যুৎ বিভাগে উক্ত ধন আদায় কৰিব পৰা নাই । উপভোক্তাৰ ক্ষেত্রত নিমিষতে বিদ্যুৎ সংযোগ কৰ্তন কৰা হয় ।

লগতে পঢ়ক: ৰাজ্যত নাই বিদ্যুতৰ পৰ্যাপ্ত উৎপাদন: বাহিৰা উৎসইহে পূৰণ কৰিছে অসমৰ চাহিদা - APDCL increases electricity tariffs

চৰকাৰী বিভাগে দিবলৈ আছে বৃহৎ পৰিমাণৰ ধন :

বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য আৰু কাৰিকৰী আদি বহুকেইটা বিভাগে বৃহৎ পৰিমাণৰ ধন বিদ্যুৎ বিভাগ অর্থাৎ এ পি ডি চি এলক আদায় দিবলৈ আছে । নাম প্ৰকাশত অনিচ্ছুক এ পি ডি চি এলৰ এজন বিষয়াই জনোৱা মতে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু জনস্বাস্থ্য আৰু কাৰিকৰী এই তিনিটা বিভাগেই প্রায় তিনিশ কোটি টকাৰ বিদ্যুৎ মাচুল দিবলৈ বাকী আছে । বিষয়াজনে জনোৱা মতে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰাই এ পি ডি চি এলে পাবলগীয়া ধনৰ পৰিমাণেই হৈছে প্রায় ২৫ কোটি টকা ।

ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহে দিবলৈ আছে ২৫ কোটি টকা :

চৰকাৰী আন বিভাগৰ কথা বাদেই ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰা এ পি ডি চি এলে পাবলৈ আছে ২৫ কোটি টকা । অংগনৱাড়ী কেন্দ্ৰসমূহৰ ক্ষেত্ৰত সৰ্বাধিক ধন দিবলগীয়া জিলাখন হৈছে ধুবুৰী জিলা । ধুবুৰীত পাবলগীয়া ধনৰ পৰিমাণ হৈছে ১,৯৪,৯৪,১১০ টকা । আনহাতে এই তালিকাৰ দ্বিতীয় স্থানত আছে বৰপেটা জিলা । জিলাখনৰ পৰা এ পি ডি চি এল-এ পাবলৈ আছে ১,৭৭,৬৪,৫০৬ টকা । তৃতীয় স্থানত থকা কামৰূপ জিলাৰ পৰা পাবলৈ আছে ১,৭০,৬৩,৯১৭ টকা ।

আনহাতে বাক্সা জিলাৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰা ৮৩,২৮,৩৭১ টকা, বিশ্বনাথ জিলাৰ পৰা ৫,২৮,৯৩৫ টকা, বঙাইগাঁও জিলাৰ পৰা ১,৪৩,২৭,০২৮ টকা, কাছাৰ জিলাৰ পৰা ৮৭,৪২,৪৮৭ টকা, চৰাইদেউ জিলাৰ পৰা ৭,৫৮,১২৪ টকা, চিৰাং জিলাৰ পৰা ৩৪,৩৯,৮১২ টকা, দৰং জিলাৰ পৰা ১,৬৩,২১,৯৯১ টকা, ধেমাজি জিলাৰ পৰা ৫৬,৬৭,০৬৬ টকা, ডিব্ৰুগড় জিলাৰ পৰা ৭৩,০৮,৭০৮ টকা, ডিমা হাছাও জিলাৰ পৰা ২,৯৯,৭০১টকা, গোৱালপাৰা জিলাৰ পৰা ১,৫৮,৫৯,১৫০ টকা, গোলাঘাট জিলাৰ পৰা ১,২৮,০৩,৭৮৯ টকা, হাইলাকান্দি জিলাৰ পৰা ২৫,৩৩,৮২২ টকা, হোজাই জিলাৰ পৰা ৬৮,৫০,৪৬৬ টকা, যোৰহাট জিলাৰ পৰা ৩৬,৬৬,৮২৩ টকা, কামৰূপ মহানগৰ জিলাৰ পৰা ২০,৮৩,৬৯০ টকা, এ পি ডি চি এলে পাবলৈ আছে ৷

লগতে পঢ়ক: গৰমত বিদ্যুতৰ চাহিদাৰ অভিলেখ; বাহিৰা উৎসৰ পৰা অধিক দৰত ক্ৰয় কৰিও পূৰণ হোৱা নাই চাহিদা - Record of electricity demand

একেদৰে, কাৰ্বি আংলং জিলাৰ পৰা ১২,৭৬,৩৯৯ টকা, কৰিমগঞ্জ জিলাৰ পৰা ১,৩৮,২০,৫১৪ টকা, কোকৰাঝাৰ জিলাৰ পৰা ৩৭,২৫,২৩৫ টকা, লখিমপুৰ জিলাৰ পৰা ৭৩,১৭,৯৭৬ টকা, মৰিগাঁও জিলাৰ পৰা ১২,২৯,৩৬০ টকা, নগাঁও জিলাৰ পৰা ১,৬৩,৮৬,৯৮৪ টকা, নলবাৰী জিলাৰ পৰা ৬১,৭০,৪৩৮ টকা, শিৱসাগৰ জিলাৰ পৰা ২৮,১৩,৪৮৩ টকা, শোণিতপুৰ জিলাৰ পৰা ৬,০৮,০৭০ টকা, দক্ষিণ শালমাৰা জিলাৰ পৰা ৭৩,২২,২৮২ টকা, তিনিচুকীয়া জিলাৰ পৰা ১,১১,৯৬,৩০৩ টকা, ওদালগুৰি জিলাৰ পৰা ৮৭,৮৯,৫১৮ টকা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰা ৪,৬৫,১৪৫ টকা বিদ্যুৎ মাচুল আনাদায় হৈ আছে ।

সাধাৰণ উপভোক্তাৰ ক্ষেত্রত দয়াহীন এ পি ডি চি এল :

লক্ষণীয় বিষয় যে সাধাৰণ ৰাইজে বিদ্যুৎ মাচুল দিয়া দুদিন পলম হ'লেই এ পি ডি চি এলে বিদ্যুৎ কর্তন কৰে । কিন্তু চৰকাৰী বিভাগসমূহে কোটি কোটি টকা আদায় দিবলৈ থকাৰ পাছতো উক্ত বিভাগসমূহৰ বিদ্যুৎ কৰ্তন কৰিবলৈ সাহস নকৰে এ পি ডি চি এলে । যাৰ ফলত চৰকাৰী বিভাগসমূহৰ পৰা পাবলগীয়া বিদ্যুৎ মাচুলৰ পৰিমাণ নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু ইয়াৰ পাছটো চৰকাৰী বিভাগ হোৱাৰ বাবেই এ পি ডি চি এলে নিৰৱ ভূমিকা পালন কৰি আহিছে ।

বিদ্যুৎ মাচুল সন্দৰ্ভত উপভোক্তাৰ মনৰ কথা :

বিদ্যুৎ মাচুল আৰু স্মাৰ্ট মিটাৰৰ প্ৰসংগত গুৱাহাটীৰ কাহিলিপাৰৰ এগৰাকী উপভোক্তা বিকাশ পালে ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, "আগতে মেন্যুৱেল মিটাৰ থাকোতে বিদ্যুতৰ বিল যথেষ্ট কম আহিছিল । কিন্তু বিল দিয়াত এদিন দেৰি হলেই বিদ্যুৎ সংযোগ কৰ্তন কৰি দিছিল । এতিয়া স্মাৰ্ট মিটাৰ লগালে । কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুতৰ বিল অভাৱনীয় হাৰত বৃদ্ধি পালে । ক'বলৈ ভাষা নাই । বেলেন্স নাথাকিলে কৰ্তন কৰি দিয়ে বিদ্যুৎ সংযোগ । কোনে শুনিব আমাৰ কথা । বহুত মেনেজ কৰি বিদ্যুতৰ ব্যৱহাৰ কৰিও বিলৰ ক্ষেত্রত সকাহ লাভ কৰা নাই ।"

আন এগৰাকী উপভোক্তা বিনোদ বৈশ্যই কয়, "বিদ্যুতৰ মাচুল বহন কৰাটো আমাৰ দৰে সাধাৰণ লোকৰ বাবে অসহনীয় হৈ পৰিছে । বিদ্যুতৰ ব্যৱহাৰ যিমানে কম নকৰো কিয় মাচুল কিন্তু নকমে । কিহৰ বাবে ইমান বিল আহে আমি ধৰিব নোৱাৰো । মাচুল প্ৰায়ে বৃদ্ধি হৈ থাকে । স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিলৰ পৰিমাণ পূৰ্বৰ তুলনাত বহু বৃদ্ধি পালে । অভিযোগ দিলেও কোনো সুদুত্তৰ নাপাও । আমাৰ বাবে কৰাৰ একো নাই ।"

লগতে পঢ়ক: গুৱা-পাণ, শৰাই-অৰিহণা আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে শ শ উপভোক্তাই - Protest Against Smart Meter

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.