ETV Bharat / sports

আমেৰিকাত ট্ৰাম্পৰ জয়ৰ কাৰণ হৈছে এম এছ ধোনী ! ভাইৰেল হৈ পৰিছে মিম - THALA FOR A REASON

Donald trump wins: আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ জয়ৰ কাৰণ হিচাপে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ক্ৰিকেটাৰ এম এছ ধোনীৰ পোষ্টাৰ ।

THALA FOR A REASON
ধোনী আৰু ট্ৰাম্প (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 7, 2024, 7:08 PM IST

স্প’ৰ্টছ ডেস্ক: 2024 চনত আমেৰিকাত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে জয়লাভ কৰি দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহে । বিপক্ষৰ প্ৰাৰ্থী কমলা হেৰিছৰ কঠিন প্ৰত্যাহ্বান নেওচি দেশখনৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত জয়লাভ কৰে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্ৰাম্পে ।

ট্ৰাম্পৰ এই বিজয়ৰ পিছত এম এছ ধোনীৰ অনুৰাগীসকলে ‘থালা ফৰ এ ৰিজন’ নামেৰে সামাজিক মাধ্যমত একাধিক মিম শ্বেয়াৰ কৰে ৷ লগতে ধোনীয়ে ট্ৰাম্পৰ জয়ৰ মূল কাৰণ বুলি উল্লেখ কৰিছে ৷ সম্প্ৰতি বতাহৰ দৰে এই মিমবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

6 নৱেম্বৰত (ভাৰতীয় সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে । তাৰ পিছৰে পৰা সামাজিক মাধ্যম গৰম হৈ পৰিছে ধোনীৰ অনুৰাগীসকলৰ পোষ্টৰে ৷ আপুনি হয়তো ভাবিছে ট্ৰাম্পৰ জয়ৰ সৈতে ধোনীৰ কি সম্পৰ্ক ?

আচলতে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ জাৰ্ছীৰ নম্বৰ হৈছে 7 ৷ ভাইৰেল মিমসমূহ প্ৰত্যক্ষ কৰিলেহে আপুনি এই সমীকৰণ ভালদৰে বুজিব পাৰিব ৷

মিম ভাইৰেল হোৱাৰ প্ৰকৃত কাৰণ:

বুধবাৰে আছিল নৱেম্বৰ মাহৰ 6 তাৰিখ অৰ্থাৎ 6-11-2024 । ধোনী অনুৰাগীসকলৰ হিচাপ অনুসৰি, এই তাৰিখটো যোগ কৰিলে (6+1+1+2+2+4=16) উত্তৰ হ’ব 16 । আকৌ এই দুটা অংক যোগ কৰিলে 6+1=7 পোৱা যায় । গতিকে মিমবোৰত শ্বেয়াৰ কৰা হৈছে যে, ধোনীয়ে হৈছে ট্ৰাম্পৰ জয়ৰ মূল কাৰণ ।

আন কিছুমানে কয় যে, ট্ৰাম্পৰ জয়ৰ কাৰণ হ’ল আমেৰিকা 7 টা আখৰেৰে গঠিত । যিহেতু ট্ৰাম্প 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছে, গতিকে শেষৰ সংখ্যা 7 হৈছে এই জয়ৰ অন্যতম কাৰণ ।

ধোনী আৰু ট্ৰাম্পৰ ফটো ভাইৰেল

2023 চনত ইউ এছ অ’পেনৰ ফাইনেল উপভোগ কৰিবলৈ আমেৰিকালৈ গৈছিল মহেন্দ্ৰ সিং ধোনী । চলিত বৰ্ষতো ৰাষ্ট্ৰীয় গ’লফ খেলপথাৰত ধোনী আৰু ট্ৰাম্পে একেলগে গ’লফ খেলা দেখা গৈছিল ।

এই ফটোখন অনুৰাগীসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷ য'ত ট্ৰাম্পে ফোনত ধোনীক কৈ আছিল, "ধোনী মই ইয়াক অৰ্জন কৰিছো"।

ধোনীৰ ক্ৰিকেট অভিলেখ

2020 চনৰ 15 আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল এম এছ ধোনীয়ে । "মাহী" খ্যাত ধোনীয়ে মুঠ 538 খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি সংগ্ৰহ কৰিছে 17,266 ৰাণ ।

ধোনীৰ নামত সমগ্ৰ ক্ৰিকেট কেৰিয়াৰত আছে 108 টা অৰ্ধশতক, 16 টা শতক আৰু এটা দ্বৈত শতক । টেষ্টত ব্যক্তিগতভাৱে সংগ্ৰহ কৰা 224 ৰাণ হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধোনীয়ে সংগ্ৰহ কৰা সৰ্বাধিক স্ক’ৰ ৷

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা আৰম্ভ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-20 শৃংখলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.