অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ... - ধুবুৰী অমলেট নিউজ
🎬 Watch Now: Feature Video
ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট খাই ভাল পায় ধুবুৰীৰ (DHUBRI) তোতা মিঞাই (TOTA MIYA) ৷ স্বাভাৱিকতেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ৰুটী আৰু অমলেটৰ ডিমাণ্ড ৰাখে তোতা মিঞা নামৰ লোকজনে ৷ স্বামীৰ সুখেই সুখ বুলি পত্নী ছকিনা বিবিয়েও প্ৰায়েই স্বামীৰ এই ভোজন বিলাসিতা পূৰণ কৰে ৷ পিছে স্বামী তোতা মিঞাৰ এই ভোজন বিলাসীতাই কাল হ'ল ছকিনা বিবিৰ ৷ প্ৰতিদিনৰ দৰে ঘটনা সংঘটিত হোৱাৰ নিৰ্দিষ্ট দিনটোত পুৱাই তোতা মিঞাই পত্নীক নিৰ্দেশ দিলে যে, তেওঁ চাহৰ সৈতে ৰুটী আৰু অমলেট খাব ৷ পিছে, অজ্ঞাত কাৰণত পত্নী ছকিনা বিবিয়ে চাহ আৰু ৰুটী বনালে ঠিকেই অমলেট হে নবনালে ৷ কথাতেই কয় নহয়, স্বামীৰ হৃদয়ৰ পথ হেনো পেটৰ দিশেই থাকে ৷ ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট নাপাই খঙত অগ্নি শৰ্মা হৈ পৰা তোতা মিঞাই হিতাহিত জ্ঞান হেৰুৱাই পত্নী ছকিনা বিবিৰ ওপৰত চিপৰাঙেৰে আক্ৰমণ কৰে ৷ লগে লগে পতিৰ আক্ৰমণত ৰক্তাক্ত অৱস্থাত মাটিত ঢলি পৰে পত্নী ছকিনা ৷ পত্নীৰ এই অৱস্থা হোৱাৰ পিছতহে হিতাহিত জ্ঞান ঘূৰাই পায় তোতা মিঞাই ৷ লগে লগেই দৌৰি গৈ ওচৰৰ এ এম কোঃ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে স্বামী তোতা মিঞাই । ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে তোতা মিঞাৰ বাসগৃহত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মুৰ্মূৰ্ষ অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তোতা মিঞাক গ্ৰেপ্তাৰ কৰিছে ৷
Last Updated : Jul 31, 2021, 2:46 PM IST