ডিফুত মাইক্ৰ’ফাইনেঞ্চ ঋণ ৰেহাই চেক প্ৰদান কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন - ঋণ ৰেহাই আঁচনি
🎬 Watch Now: Feature Video
নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে নিৰ্বাচনী সভাসমূহত পূৰ্বে কৰা ঘোষণা অনুসৰি ৰাজ্যত মাইক্ৰ'ফাইনে়ঞ্চ কোম্পানীসমূহৰ পৰা ঋণ লৈ ঘূৰাই দিবলৈ সক্ষম নোহোৱা মহিলাসকলক সাহায্যৰ চেক প্ৰদানৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে (Microfinance relief scheme)৷ ইয়াৰে অংশ হিচাপে দেওবাৰে ডিফুত এক বিশেষ অনুষ্ঠানত ঋণগ্ৰস্ত মহিলাসকলৰ মাজত সাহায্যৰ চেকসমূহ বিতৰণ কৰা হয়৷ অসম চৰকাৰৰ বিত্ত বিভাগ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত এই উদ্দেশ্যে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা অনু্ষ্ঠানত চেক বিতৰণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী যোগেন মহনে কয় যে, ঋণগ্ৰস্থ মহিলাসকলৰ কষ্ট দূৰীকৰণৰ বাবে অসম চৰকাৰে সকাহমূলক এই ঋণ ৰেহাই আঁচনিৰ আৰম্ভ কৰিছে (Jogen Mohan in cheque distribution event in Kokrajhar)৷
Last Updated : Feb 3, 2023, 8:21 PM IST