thumbnail

পুনৰ বৰ্ণ বৈষম্যৰ বলি উত্তৰ পূৰ্বাঞ্চল

By

Published : May 25, 2021, 10:15 PM IST

শেহতীয়াকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ লগতে ইউটিউবৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছে দেশৰ বহু যুৱক-যুৱতীয়ে । কিন্তু একাংশ ইউটিউবাৰে ভুল তথ্য যোগান ধৰি সময়ে সময়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাও দেখা গৈছে । এইবাৰ ইউটিউবত ভুল তথ্য দি গ্ৰেপ্তাৰ হ’ল লুধিয়ানাৰ এজন ইউটিউবাৰ । উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক নিনং ইৰিঙে বিগত বছৰ চীনৰ লগত হোৱা বিবাদৰ বাবে চীনৰ দ্বাৰা তৈয়াৰ কৰা কেইবাটাও এ’প ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ৷ তাৰ ভিতৰত অন্যতম আছিল পাবজি ৷ সম্প্ৰতি পুনৰ ভাৰতবৰ্ষত এই নিষিদ্ধ পাবজি গেম প্ৰচলন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল বিভাগীয় কৰ্তৃপক্ষই ৷ সেই খবৰ পোৱাৰ পিছতে অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন সাংসদ নিনোং এৰিঙে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰত্ৰ প্ৰেৰণ কৰাৰ লগতে টুইট যোগে পাবজি গেম ভাৰতবৰ্ষত পুনৰ প্ৰচলন নকৰিবলৈ আহ্বান জনাইছিল ৷ বিধায়ক গৰাকীয়ে আশংকা প্ৰকাশ কৰিছিলি যে এই পাবজি গেম প্ৰৱৰ্তন কৰিলে দেশৰ গোপনীয় তথ্য চীনে লাভ কৰিব ৷ তাৰ পাচতে পাঞ্জাৱ লুধিয়ানাৰ নিবাসী এজন ইউটিবাৰ পাৰশ সিঙে নিনোং এৰিঙৰ বিৰুদ্ধে কেতবোৰ তীৰ্যক মন্তব্য কৰিছিল ৷ সমগ্ৰ ঘটনাই দেশৰ লগতে উত্তৰ-পূৱ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অৰুণাচাল প্ৰদেশৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ৷ সম্প্ৰতি ইউটিবাৰ পাৰশ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অৰুণাচল চৰকাৰৰ মুখ্যমন্ত্ৰী পেমা খান্দু , কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল সাংসদ কিৰণ ৰিজিজুৱে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তৎপৰতা গ্ৰহণ কৰিছে ৷ যাৰ বাবে অপৰাধ শাখাই বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পাৰশৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ লগতে ইতিমধ্যে আটক কৰিছে পাৰশক । ইপিনে অৰুণাচল প্ৰদেশৰ আৰক্ষীও ৰাওনা হৈছে লুধিয়ানালৈ পাৰশক গ্ৰেপ্তাৰ কৰিবলৈ ৷ বিষয়টোৰ সৰ্ন্দভত কেন্দ্ৰীয় চৰকাৰে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণাীয় হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.