thumbnail

মূল বান্ধৰ ওপৰেদি পানী বৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

By

Published : Aug 27, 2021, 2:11 PM IST

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেদি বৈছে পানী ৷ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা 2000 মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম সম্প্ৰতি প্ৰায় 75 % সম্পূৰ্ণ হৈছে ৷ কংক্ৰিটেৰে নিৰ্মাণ কৰা 116 মিটাৰ উচ্চতাৰ বান্ধটোৰ নিৰ্মাণ কাম দ্ৰুতগতিত চলি আছে। বিগত দুদিন ধৰি অৰুণাচল পাহাৰত মুষলধাৰ বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলীত নিৰ্মীয়মাণ হৈ থকা 40 মিটাৰ মূল বান্ধৰ ওপৰেদি বাগৰিছে পানী। প্ৰতি বছৰে মূল বান্ধৰ ওপৰেদি পানী বাগৰে । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলী মূল বান্ধৰ ওপৰেদি পানী বাগৰিলেও নামনি অংশত কোনো ধৰণৰ ক্ষতি সাধৰণতে নকৰে ৷ ইপিনে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.