thumbnail

By

Published : Jul 31, 2021, 10:22 PM IST

ETV Bharat / Videos

ৰঙাপৰাৰ বেংগলী হাইস্কুলত ছাত্র-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC EXAM RESULT)ক লৈ এইবাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পূৰ্বৰ দৰে উৎসৱমুখৰ পৰিৱেশ নাই ৷ ইয়াৰ মাজতে পৰীক্ষাৰ ফলাফলক লৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে । ক’ভিড 19 (Covid 19) ৰ সংক্ৰমণৰ বাবে পোন প্ৰথমবাৰৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ছেবাই বিকল্প মূল্যায়ন পদ্ধতিৰে এই ফলাফল ঘোষণা কৰিছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰঙাপৰাৰ বেংগলী হাইস্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায় । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ গাফিলতিৰ বাবে পৰীক্ষা নোহোৱাৰ অভিযোগ তোলে । উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে অনুষ্ঠিত নোহোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা মুঠ ৭২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল যদিও ৩৩ জন ছাত্ৰ-ছাত্ৰীহে পৰীক্ষাত উত্তীৰ্ণ হয় । উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীসকলে ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.