পাঁচ বছৰত 50 শতাংশ সম্পত্তি বৃদ্ধি সোণোৱালৰ - মুখ্যমন্ত্ৰী
🎬 Watch Now: Feature Video
সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মাজুলী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সোণোৱালে দাখিল কৰিলে নিৰ্বাচনী শপতনামা ৷ এই শপতনামাত সোণোৱালৰ মুঠ সা-সম্পত্তিৰ মূল্য দেখুওৱা হৈছে 3.18 কোটি টকা । কোটি টকাৰ সম্পত্তি থকা মুখ্যমন্ত্রীৰ নাই কোনো ধৰণৰ বাহন । নিৰ্বাচনী শপতনামাত দিয়া তথ্য অনুসৰি 2016 ৰ তুলনাত মুখ্যমন্ত্রী সোণোৱালৰ মুঠ সম্পত্তিৰ পৰিমাণ মূল্য হিচাপত বৃদ্ধি পালে 1.32 কোটি টকা । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 3,17,71,394 টকা ৷ ইয়াৰে নগদ ধন 39,030 টকা ৷ পাঁচটা বেংক একাউণ্টত জমা আছে 38,02,498 টকা ৷ মুখ্যমন্ত্ৰীৰ স্থাৱৰ সম্পত্তিৰ মূল্য 1,14,76,394 টকা আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য 2,02,95,200 টকা ৷ তদুপৰি সোণোৱালৰ অইল ইণ্ডিয়া লিমিটেডত আছে 13,04,697.70 টকাৰ অংশীদাৰীত্ব ৷ 43,26,461 টকাৰ বীমা পলিচি আছে সোণোৱালৰ ৷ মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড়ত থকা কৃষি সম্পত্তিৰ বৰ্তমান মূল্য 36.2 লাখ টকা ৷ আনহাতে তেওঁৰ গুৱাহাটী 64.75 লাখ মূল্যৰ অ-কৃষিভূমি আৰু আৱাসিক অট্টালিকা থকাৰ লগতে ডিব্ৰুগড়ত 1.02 কোটি টকা মূল্যৰ অ-কৃষিভূমি আৰু আৱাসিক অট্টালিকা আছে । 2016 চনত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামাত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল 1,82,17,910 টকা ৷ বিগত পাঁচ বছৰত মুখ্যমন্ত্রী সোণোৱালৰ সা-সম্পত্তি ৫০ শতাংশ বৃদ্ধি পালে ।