হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৰাজপথত জনতা - হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৰাজপথত জনতা
🎬 Watch Now: Feature Video
প্ৰতিবাদত উত্তাল হ’ল আছাইৰঘাট-গোপালপুৰ পথ ৷ প্ৰায় এমাহ পূৰ্বে সংঘটিত হোৱা এক হত্যাকাণ্ডৰ ন্যায় বিচাৰি শনিবাৰে প্ৰতিবাদত নামিল সহস্ৰাধিক জনতা ৷ কিয়নো কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ আছাইৰঘাট অঞ্চলৰ সাধন সূত্ৰধৰৰ মৃত্যুৰ প্ৰায় এটা মাহ পাৰ হ’ল ৷ কিন্তু সাধন সূত্ৰধৰৰ মৃত্যুৰ এটা মাহ পাৰ হোৱাৰ স্বত্বেও ন্যায় নাপালে পৰিয়ালটোৱে ৷ পৰিয়ালৰ লোকৰ দাবী অনুসৰি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে সাধনক ৷ কিয়নো সন্ধানহীন হোৱাৰ দুদিনৰ পাচত ৰহস্যজনকভাৱে লংগাই নৈত উটি অহা অৱস্থাত উদ্ধাৰ কৰা হৈছিল সাধনৰ মৃতদেহ ৷ যাৰ বাবে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছিল সাধন সূত্ৰধৰৰ পৰিয়াল ৷ কিন্তু ন্যায়ৰ আশাত পণবন্ধী পৰিয়ালটোৱে আৰক্ষীৰ ফালৰ পৰা নাপালে কোনো সদুত্তৰ ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে ভূক্তভোগীৰ পৰিয়ালৰ লগতে কেইবাটাও দল-সংগঠন ৷ ন্যায় বিচাৰি শনিবাৰে সাধনৰ আত্মীয় তথা দল-সংগঠনৰ লোকৰ লগতে অঞ্চলটোৰ ৰাইজে শনিবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীৰ দাবী তিনিদিনৰ ভিতৰত যদি বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো ব্যৱস্থা নকৰে, তেন্তে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব ৷