thumbnail

By

Published : Apr 10, 2021, 8:05 AM IST

ETV Bharat / Videos

বিভিন্ন জিলাত চলিছে পেট্ৰ’লৰ ছিণ্ডিকেট: অসম যুৱ কংগ্ৰেছ

দিছপুৰ প্ৰেছ ক্লাবত অসম যুৱ কংগ্ৰেছৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলখনত সংগঠনৰ সাধাৰণ সম্পাদক জগদীশ প্ৰসাদ বণিয়াই অসমত পেট্ৰ’ল ছিণ্ডিকেটৰ সৈতে জড়িত ব্যক্তিৰ লগতে IOCL, BPCL ৰ লগত জড়িত এটা কোম্পানীৰ কথা প্ৰকাশ কৰে ৷ তেওঁ কয় যে, বতৰ্মান গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন জিলাত পেট্ৰ’লৰ ছিণ্ডিকেট চলি আছে ৷ এই ছিণ্ডিকেটত জিভিয়াৰ নামৰ আমেৰিকাৰ এটা কোম্পানীৰ নাম সাঙোৰ খাই আছে ৷ জিভিয়াৰ কোম্পানীটোৱে HPCL, BCPL ৰ লগতে IOCL ক মেচিনৰ যোগান ধৰে ৷ কিন্তু এইক্ষেত্ৰত IOCL ৰ মেচিনসমূহৰ উন্নতিকৰণ নোহোৱাৰ প্ৰশ্ন উত্থাপন কৰে ৷ বিৰাজ ডেকা নামৰ এগৰাকী ব্যক্তিয়ে নিজকে জিভিয়াৰ কোম্পানীৰ অভিযন্তা বুলি কৈ অব্যাহত ৰাখিছে এই ছিণ্ডিকেট ৷ পেট্ৰ’ল পাম্পত অত্যাধুনিক মেচিন লগাই বহু টকা শৰাধ কৰাৰ অভিযোগ উত্থাপন কৰা হয় সংবাদমেলত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.