thumbnail

‘কা’ প্ৰতিহত কৰিবলৈ সকলোকে একত্ৰিত হোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ

By

Published : May 29, 2021, 3:51 PM IST

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বহুকেইখন ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । ‘কা’ বাতিলৰ বাবে আন্দোলন কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা অসম জাতীয় পৰিষদৰ বৰ্তমানৰ সভাপতি লুৰীণ জ্যোতি গগৈ ডিব্ৰুগড়ৰ খোৱাঙত উপস্থিত হৈ ‘কা’ ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । প্ৰথম পৰ্যায়ত ভাৰতবৰ্ষৰ বহু কেইখন ৰাজ্যত এই আইন কাৰ্যকৰী কৰি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰথমটো ঢাপ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ পাছতে ইয়াক অসম তথা উত্তৰ পূবাঞ্চলত কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাব চৰকাৰে । এই কাৰ্য অসম জাতীয় পৰিষদে কেতিয়াও হ'বলৈ নিদিয়ে বুলি কয় সভাপতি গৰাকীয়ে । লগতে নেতাজনে কয় অসমীয়া ভাষা সংস্কৃতি নিঃশেষ কৰিব পৰা এই আইনক প্ৰতিহত কৰিবলৈ সকলোৱে একলগ হৈ মাৰবান্ধি ঠিয় দিব লাগিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.