thumbnail

By

Published : Aug 15, 2021, 9:21 PM IST

ETV Bharat / Videos

কলিয়াবৰত 75 সংখ্যক স্বাধীনতা দিৱস পালন

কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কলিয়াবৰ মহকুমা প্ৰশাসনৰ ৷ কিনকিনীয়া বৰষুণৰ মাজতে পেৰেডত অংশগ্ৰহণ আৰক্ষী জোৱান তথা কলিয়াবৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰৰ । 1921 চনত কুঁৱৰীটোল গান্ধী খেলপথাৰত মধ্য অসমৰ স্বাধীনতা আন্দোলনৰ গতি প্ৰদানৰ উদ্দেশ্যৰে পদাপৰ্ণ কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে । ইতিহাস বিজড়িত এই গান্ধী খেলপথাৰতে কলিয়াবৰ মহকুমা প্ৰশাসনে ক’ভিড বিধি পালন কৰি উদযাপন কৰে 75 সংখ্যক স্বাধীনতা দিৱস । পতাকা উত্তোলন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত পবিত্ৰ কুমাৰ দাসে । ক’ভিড পৰিস্থিতিৰ বাবেই কেৱল আৰক্ষী জোৱান আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰ সকলে মাৰ্চ পাষ্ট কৰি উদযাপন কৰে স্বাধীনতা দিৱস ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.