পাথাৰকান্দিত চলিত প্ৰশাসনৰ এস্কেভেটৰ - ৰাজ্য চৰকাৰ
🎬 Watch Now: Feature Video
কৰিমগঞ্জৰ পাথাৰকান্দিৰ নালুগাঁৱত মঙলবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় । জিলা প্ৰশাসনে এস্কেভেটৰৰ সহায়ত কেইবাটাও অবৈধভাৱে নিৰ্মিত গৃহৰ উচ্ছেদ কৰে । প্ৰশাসনে উচ্ছেদ কৰা গৃহসমূহৰ ভিতৰত কেইবাটাও অট্টালিকা আছে । জিলা প্ৰশাসনে ন্যায়ালয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশত চলায় এই অভিযান । জানিব পৰা অনুসৰি, নালুগাঁৱত চৰকাৰী ঠাই দখল কৰি বহুকেইজন লোকে ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আহিছিল ।