নিজৰ মত প্ৰকাশ কৰাটো গণতান্ত্ৰিক অধিকাৰঃ ফাৰহান আখটাৰ - পূৰ্ণ গণতান্ত্ৰিক অধিকাৰ
🎬 Watch Now: Feature Video
মুম্বাইত যেতিয়া নাগৰিকত্ব সংশোধনী আইনক লৈ বৃহস্পতিবাৰে আগষ্ট ক্ৰান্তি মৈদানত অসংখ্য লোকে প্ৰতিবাদ সাব্যস্ত কৰে তাৰ মাজতে ছবি নিৰ্মাতা তথা অভিনেতা ফাৰহান আখটাৰেও সকলোৰে লগত একত্ৰিত হৈ নিজৰ মত দাঙি ধৰে ৷ "কোনো বিষয়ৰ ওপৰত নিজৰ মতামত দাঙি ধৰাটো পূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আৰু এয়া যি হৈ আছে, সেয়া নিশ্চিত মাত্ৰাত ভেদভাৱ হৈছে " বুলি ব্যক্ত কৰে ফাৰহান আখটাৰে ৷