এইবাৰৰ পৰা Paperless হ’ব অসম বিধানসভা
🎬 Watch Now: Feature Video
অসম বিধানসভা (Assam Assembly)ক পেপাৰলেছ(paperless) কৰা হৈছে । কাইলৈৰ পৰা অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ বাজেট অধিবেশন এইবাৰ হ’ব পেপাৰলেছ । দেওবাৰে সন্ধিয়া এক সংবাদমেলত এই কথা ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । সংবাদমেলত তেওঁ আৰু কয় যে, এতিয়া যিহেতু তথ্য প্ৰযুক্তিৰ যুগ ।গতিকে বিধানসভাও সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব লাগিব । এইবাৰ বিধানসভাত অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ লগতে বড়ো ভাষাও ব্যৱহাৰ কৰা হব বুলি তেওঁ কয় । আনহাতে, বিধানসভাত পূৰ্বৰে পৰা চলি অহা কেতবোৰ ব্যৱস্থা এইবাৰ সালসলনি ঘটোৱা হৈছে বুলি মন্তব্য কৰি অধ্যক্ষ দৈমাৰীয়ে কয় যে, এইবাৰ বিধানসভাত প্ৰবেশৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো প্ৰবেশ পত্ৰই হ’ব ডিজিটেল । একেদৰে বিধানসভা চৌহদত মোবাইল নেটৱৰ্ক পোৱা নাযাব । ইপিনে, অধ্যক্ষই ইতিমধ্যে গঠন কৰি দিয়া অসম বিধানসভা প্ৰেছ উপদেষ্টা সমিতি খনক কেন্দ্ৰ কৰি বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা বাবে উক্ত সমিতিখন আজি ভংগ কৰা হৈছে বুলিও অধ্যক্ষ গৰাকীয়ে সংবাদমেলত ঘোষণা কৰে ।