Sankardev Sangha Adhibeshan: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাণিজ্য আৰু গ্ৰন্থমেলা আৰম্ভ - ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 24, 2022, 1:48 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনৰ(Annual Session of srimanta Sankardev Sangha) লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে বাণিজ্যমেলা আৰু গ্ৰন্থমেলা । অধিবেশনখনৰ মূল কাৰ্যসূচী ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব যদিও স্থানীয় ৰাইজৰ সুবিধাৰ্থে দুদিনৰ পূৰ্বৰ পৰা আৰম্ভ হৈছে মেলা আৰু প্ৰদৰ্শনী ৷ সৰ্বমুঠ ৬২৮ খন বিপনীৰ ব্যৱস্থা কৰা এই মেলাত আছে ৭৮ খনকৈ গ্ৰন্থ বিপনী । ইতিমধ্যে এই মেলাত অংশগ্ৰহণৰ বাবে আহি উপস্থিত হৈছেহি উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপনীৰ লগতে লোকবাদ্য, পোছাক, সৌন্দৰ্যৰ সামগ্ৰী, কাঁহ পিতল, দা কটাৰী, মণি মুকুতা, খাদ্য সামগ্ৰী আদিৰ প্ৰতিষ্ঠান । এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতিয়ে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.