হিমাচল প্ৰদেশত স্নো লিঅ'পাৰ্ডৰ বিচৰণ কৰি থকাৰ দৃশ্য ভাইৰেল

By

Published : Jan 15, 2021, 4:39 PM IST

thumbnail
হিমাচল প্ৰদেশৰ লাহোল স্পীতি অঞ্চলত হৈ থকা তুষাৰপাতৰ মাজতে দেখা পোৱা গ‘ল এক বিৰল দৃশ্য ৷ লাহোল স্পীতি অঞ্চলৰ ডাঠ বৰফৰ আচ্ছাদনত স্নো লিঅ'পাৰ্ডে খোজকাঢ়ি থকা প্ৰত্যক্ষ কৰা হয় ৷ উল্লেখ্য যে, তুষাৰপাত হৈ থকা সময়ত স্নো লিঅ'পাৰ্ডে সমতল অঞ্চললৈ চিকাৰৰ বাবে যায় ৷ বৰফত স্নো লিঅ'পাৰ্ডৰ বিচৰণ কৰি থকা দৃশ্য তেনেই বিৰল ৷ স্নো লিঅ'পাৰ্ডৰ বিচৰণ কৰি থকাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া সমতল অঞ্চলৰ জনসাধাৰণক সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে ৷ সদ্যহতে চলোৱা এক সমীক্ষাত হিমাচল প্ৰদেশৰ লাহোল আৰু স্পীতি,কিন্নৌৰ, পাংগী আৰু চাম্বা অঞ্চলত 49 টা স্নো লিঅ'পাৰ্ড থকাৰ তথ্য পোহৰলৈ আহিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.