গুলমাৰ্গত প্ৰবল তুষাৰপাত - গুলমাৰ্গত প্ৰৱল তুষাৰপাত
🎬 Watch Now: Feature Video
দেশত কৰ'ণাৰ সংহাৰী ৰূপ আৰু তাৰ মাজতে সঘনাই ৰূপ সলাইছে প্ৰকৃতিয়ে । উত্তৰ কাশ্মীৰৰ গুলমাৰ্গৰ প্ৰাকৃতিক পৰিৱেশে এতিয়া পৰ্যটকৰ আকৰ্ষণ কাঢ়িছে । শেহতীয়াকৈ অঞ্চলটোত তীব্ৰ তুষাৰপাত আৰু বৰষুণ অব্যাহত আছে । বতৰ প্ৰতিকূল যদিও এই দৃশ্যবোৰে আমোদ দিছে পৰ্যটকসকলক । তুষাৰপাতৰ এই দৃশ্য চাবলৈ এতিয়া পৰ্যটকৰ আগমন হৈছে সেই অঞ্চলটোত । গছ-গছনি, ঘৰ-দুৱাৰৰ পৰা আৰম্ভ কৰি প্ৰতিখন বাহনৰ ওপৰতে পৰিছে বৰফৰ চাদৰ । জানিব পৰা মতে আৰু কিছুদিনলৈ কাশ্মীৰৰ এই অঞ্চলটোৰ বতৰ এনেদৰেই থাকিব ।