thumbnail

Andhra Pradesh Rain : অন্ধ্ৰপ্ৰদেশত ধাৰাসাৰ বৰষুণৰ বিধ্বংসী ৰূপ

By

Published : Nov 20, 2021, 4:29 PM IST

অন্ধ্ৰপ্ৰদেশৰ কেইবাখনো ঠাইত অব্যাহত আছে ধাৰাসাৰ বৰষুণ(Heavy Rain in Andhra Pradesh) ৷ বৰষুণৰ ফলত হোৱা বান(Flood), ভূমিস্খলন(Landslide)ত ইতিমধ্যে কেইবাজনো লোকে মৃত্যুক সাৱটিবলগীয়া হোৱাৰ লগতে বহুকেইজন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাখনো ঠাইত সৃষ্টি হৈছে বিধ্বংসী পৰিস্থিতিৰ । বুগ্গাভাংকা নদী(Buggavanka River)ৰ পানীয়ে উপচাই পেলাইছে কাডাপা চহৰ ৷ বৰ্তমানলৈকে প্ৰায় 250 টা পৰিয়ালক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷ এইসকল লোকৰ বাবে 11 টা পুনঃসংস্থাপন কেন্দ্ৰ স্থাপন কৰিছে আৰক্ষীয়ে ৷ ইফালে নেল্লোৰ, চিত্তোৰ আৰু কাডাপাত হোৱা ধাৰাসাৰ বৰষুণ নিৰীক্ষণৰ বাবে বিশেষ বিষয়া নিয়োগ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.