thumbnail

আঙুৰ খেতিৰ হাবিয়াস থকা ত্ৰিপুৰাৰ এগৰাকী আৰক্ষী জোৱান

By

Published : Jun 28, 2020, 1:07 PM IST

আঙুৰৰ খেতিৰ হাবিয়াস থকা এগৰাকী আৰক্ষী জোৱান ৷ উত্তৰ ত্ৰিপুৰা জিলাৰ তেলিয়ামুৰাৰ বাসিন্দা কিশোৰ নাথ নামৰ আৰক্ষী জোৱান গৰাকীয়ে, নিজৰ হাবিয়াস পুৰণৰ বাবে আৰম্ভ কৰিছিল আঙুৰৰ খেতি ৷ বিগত তিনিবছৰে তেওঁ বাহিৰৰ পৰা সংগ্ৰহ কৰা আঙুৰৰ পুলিয়ে সম্প্ৰতি ঠন ধৰি উঠিছে তেওঁৰ ঘৰৰ চোতালত, ফলেৰে ভৰাই পেলাইছে প্ৰতিডাল আঙুৰৰ লতা ৷ জোৱান গৰাকীৰ মতে, ত্ৰিপুৰাৰ ভূমি আঙুৰ খেতিৰ বাবে অতিকৈ উৎকৃষ্ট ৷ সেয়েহে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা প্ৰদান কৰিবলৈ তেওঁ চৰকাৰৰ আহ্বান জনাইছে ৷ যাতে ৰাজ্যৰ নিৱনুৱাসকলে আঙুৰৰ খেতিৰে নিজকে স্বাৱলম্বী কৰিব পাৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.