হাবি এৰি ৰাজপথত সিংহৰ মুক্ত বিচৰণ - शेर
🎬 Watch Now: Feature Video

গুজৰাটৰ অমৰেলী জিলাৰ ৰাজুলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সিংঘৰ মুক্ত বিচৰণ ৷ এটা বা দুটা নহয় একেলগে 5টা সিংহই মুক্ত বিচৰণ কৰিছে ৰাজুলাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৷ জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় 11:30 বজাত পীপাৱাব প’ৰ্ট নামৰ এক স্থানত 3 জনী মাইকী সিংঘই 2 টা পোৱালিৰ সৈতে পদপথত বিচৰণ কৰি আছিল ৷ নিশা ৰাজপথত সিংহ দেখা পাই ভিডিঅ’ সংগ্ৰহ কৰে পথৰে গৈ থকা লোকসকলে ৷