হাজাৰীবাগত মহাত্মা গান্ধী !

🎬 Watch Now: Feature Video

thumbnail
ঝাৰখণ্ডৰ হাজাৰীবাগ চহৰখন কেৱল বন্যপ্ৰাণী আৰু আভ্যয়াৰণ্যৰ বাবেই নহয়, ঐতিহাসিক ক্ষেত্ৰতো ই বিখ্যাত ৷ স্বাধীনতা আন্দোলনৰ সময়ত 1925 চনৰ 18 চেপ্টেম্বৰত মহাত্মা গান্ধীয়ে হাজাৰীবাগ ভ্ৰমণ কৰিছিল আৰু চেণ্ট কলম্বাচ কলেজৰ উইটলি ভৱনত তেখেতে বক্তব্য প্ৰদান কৰিছিল ৷ নিৰক্ষৰতা, অস্পৃশ্যতা, বিধবা বিবাহ আদি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় তেখেতে আলোচনা কৰিছিল ৷ গান্ধীজী মাণ্ডু হৈ হাজাৰীবাগলৈ আহিছিল ৷ সৰস্বতী দেৱী, ত্ৰিবেণী প্ৰসাদ আৰু বাবু ৰাম নাৰায়ণ সিংহ আদি অনেক বিশিষ্ট মুক্তিযোদ্ধাই গান্ধীজীক স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়াইছিল ৷ স্বাধীনতা আন্দোলনৰ সময়ত হাজাৰীবাগ স্বাধীনতা আন্দোলন পৰিচালনাৰ বাবে গুৰুত্বপূৰ্ণ স্থান আছিল ৷ 1925 চনৰ 18 চেপ্টেম্বৰত মাটোৱাৰী মৈদানত মহাত্মা গান্ধীয়ে বহু মুক্তিযোদ্ধাৰ সাক্ষাৎ কৰিছিল ৷ বৰ্তমান এই অঞ্চলটো গান্ধী মৈদান হিচাপে পৰিচিত ৷ তেখেতৰ ভাষণত বাপুৱে কেৱল ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধেই বক্তৃতা দিয়া নাছিল,বৰঞ্চ সমাজত চলি থকা বৈষম্যবোৰৰ কথাও আলোচনা কৰিছিল ৷ গান্ধীজীয়ে কাৰজানি মৈদানত জনসাধাৰণক সম্বোধন কৰিছিল ৷ সুপৰিচিত নেতা সুৰত বাবুৰ গৃহতে বাপুৱে নিশাটো কটাইছিল ৷ হাজাৰীবাগৰ সুপৰিচিত মুক্তিযুদ্ধা মৰহুম ৰাম নাৰায়ণ সিংহৰ মহাত্মা গান্ধীৰ সৈতে বিশেষ বন্ধুত্ব আছিল ৷ গান্ধীজীয়ে ৰাম নাৰায়ণ সিংহলৈ স্বাধীনতা আন্দোলন আৰু সামাজিক নিশেধাজ্ঞাৰ বিষয়ে আলোচনা কৰি চিঠি প্ৰেৰণ কৰিছিল ৷ গান্ধীজীৰ আকস্মিক মৃত্যুৰ পিচত তেখেতৰ চিতা ভস্ম হাজাৰীবগৰ কুমাৰ টৌলিত ৰখা হৈছিল ৷ তাতেই জনসাধাৰণ সমবেত হৈ গান্ধীজীক শ্ৰদ্ধা নিবেদন কৰিছিল ৷ পাচত এই স্থানতে গান্ধীজীৰ এটি স্মৃতি শৌধ নিৰ্মাণ কৰা হৈছিল ৷ প্ৰতিবছৰে গান্ধীজীৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীত ইয়াত বিশেষ কাৰ্যসূচী অনুস্থিত কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.