ETV Bharat / state

চামগুৰিত বিজেপি-কংগ্ৰেছৰ তুমুল যুদ্ধ হ'ব: অখিল গগৈ - AKHIL GOGOI ON BY ELECTION

নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়াত ৰাইজৰ দলৰ সমাবেশ । পুনৰ কংগ্ৰেছক সকীয়ালে অখিল গগৈয়ে ।

Raijor Dal meeting
MLA Akhil Gogoi (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 9:55 PM IST

ধিং: ৰাজ্য়ৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তেই সমাগত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ সমান্তৰাভাৱে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলেসমূহে আৰম্ভ কৰিছে সাংগাঠনিক কামকাজ । এইক্ষেত্ৰত পিছপৰি থকা নাই বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ।

ৰাইজৰ দলৰ সাংগঠনিক ভেঁটি মজবুত কৰাৰ অভিযান চলিছে সমগ্ৰ ৰাজ্য়ত । শুকুৰবাৰে নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়াত ৰাইজৰ দলৰ এক বিশাল সমাবেশ অনুষ্ঠিত হয় । ধিং সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী মেহবুব মুক্তাৰৰ প্ৰচেষ্টাত আয়োজিত এই বিশাল সমাবেশত অখিল গগৈয়ে ভাষণ দি কংগ্ৰেছ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।

চামগুৰিত বিজেপি-কংগ্ৰেছৰ তুমুল যুদ্ধ হ'ব: অখিল গগৈ (ETV Bharat Assam)

তিনিৰ পৰা চাৰি হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় হ'ব

আজি ধিঙৰ ডুমডুমীয়া নতুন বজাৰ খেলপথাৰত অনুষ্ঠিত ৰাইজৰ দলৰ গণ সমাবেশত বিধায়ক অখিল গগৈক প্ৰায় ৫ কিলোমিটাৰ পথ শ শ যুৱকে মটৰ চাইকেলেৰে আদৰি আনে । হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত গণ সমাবেশত উপ-নির্বাচনক লৈ বিধায়ক অখিল গগৈয়ে কয়," চামগুৰি বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমুল যুদ্ধ হ'ব । কিন্তু শেষত তিনিৰ পৰা চাৰি হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব । কাৰণ চামগুৰি সমষ্টিত সংখ্যালঘু ভোটাৰ ২৫ হেজাৰৰো অধিক আছে ।"

কংগ্ৰেছক বাংলাদেশলৈ পঠিয়াই দিয়াৰ হুংকাৰ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ'লে কংগ্ৰেছসহ বিৰোধী দল সকলো একলগ হ'ব লাগিব বুলি মন্তব্য় কৰি কয়," যদি উপ-নিৰ্বাচনৰ দৰেই কংগ্ৰেছ দলৰ স্থিতি একে থাকে তেন্তে কংগ্ৰেছক বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব । " তেওঁ পুনৰ কয় যে ২০২৬ৰ বিধানসভা নির্বাচনত ৰাইজৰ দল অবিহনে কোনো ৰাজনৈতিক দলে যাতে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব নোৱাৰে তাৰ বাবে প্ৰতিটো সমষ্টিত ৰাইজৰ দলে অনুষ্ঠিত কৰিব গণ সমাবেশ ।

লগতে পঢ়ক:২০২৬ত ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে: অখিল গগৈ - Raijor Dal joining programme

অখিল গগৈৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিৱৰ্তন আনিব বিচৰা কথাটো হাস্যকৰ - Akhil Gogoi Slams CM Himanta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.