ETV Bharat / politics

চামগুৰিত খণ্ডযুদ্ধ চলিয়েই আছে, কংগ্ৰেছ-বিজেপিৰ সাত সমৰ্থক আহত

চামগুৰিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ হিংসাত্মক ঘটনা । শুক্ৰবাৰে সন্ধিয়া কংগ্ৰেছ-বিজেপিৰ সংঘাত ।

Samguri Constituency
নিৰ্বাচনকেন্দ্ৰিক সংঘাতত পুনৰ উত্তাল চামগুৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 10:31 PM IST

নগাঁও: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাত আজিও অব্যাহত আছে । শুক্ৰবাৰে সন্ধিয়াও চামগুৰি সমষ্টিৰ শলমাৰীত সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ ঘটনা । কংগ্ৰেছ-বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা । কংগ্ৰেছ-বিজেপিৰ সংঘাতত আহত হয় দুয়ো দলৰ সাতজনকৈ সমৰ্থক ।

শলমাৰী বজাৰৰ বিজেপিৰ কাৰ্যালয়ৰ সন্মুখেদি কংগ্ৰেছৰ সভাৰ পৰা অহা লোক গৈ থকা অৱস্থাত দুই পক্ষই লিপ্ত হয় সংঘাতত । দুই পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত আহত হয় সাতজনকৈ লোক। পিছত আহত লোকসকলক ততাতৈয়াকৈ কাৱৈমাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় । আহত সাতজনৰ ভিতৰত চাৰিজন বিজেপি সমৰ্থক আৰু তিনিজন কংগ্ৰেছ সমৰ্থক আছে ।

নিৰ্বাচনকেন্দ্ৰিক সংঘাতত পুনৰ উত্তাল চামগুৰি (ETV Bharat Assam)

এই ঘটনাত আহত সাতজন হৈছে ক্ৰমে কংগ্ৰেছ কৰ্মী কামাল উদ্দিন ,আলাল উদ্দিন আৰু আব্দুল হাসিম । লগতে উক্ত ঘটনাটোত বিজেপি দলৰ কৰ্মী আবু হানিফ, আবু তাহেৰ, দিন ইছলাম আৰু আব্দুৰ ৰহমানো আহত হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পাছতেই কাৱৈমাৰী চিকিৎসালয়ত উপস্থিত হয় বিধায়ক জিতু গোস্বামী ।

ৰকিবুল হুছেইনে গুণ্ডাগিৰি বন্ধ নকৰিলে প্ৰতিবাদত বহিব জিতু গোস্বামী

কাৱৈমাৰী চিকিৎসালয়ৰ পৰা বিধায়ক জিতু গোস্বামীয়ে সাংসদ ৰকিবুল হুছেইনে গুণ্ডাগিৰি বন্ধ নকৰিলে প্ৰতিবাদত বহিব বুলি সকীয়াই দি কয়," ইতিমধ্যে বিজেপিৰ এগৰাকী কৰ্মীৰ মৃত্যু হৈছে । আজি আকৌ চাৰিজন কৰ্মীক আহত কৰিছে । " এই হিংসা ৰকিবুল হুছেইনে বন্ধ নকৰিলে বিজেপিয়ে ক'লা কাপোৰ লৈ মৌন প্ৰতিবাদ কৰিব বুলিও মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে । কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ চাৰি কৰ্মীক উন্নত চিকিৎসাৰ বাবে ইতিমধ্য়ে গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:প্ৰতিটো নিৰ্বাচনতে চামগুৰিত নিৰ্বাচনী হিংসা কিয় ?

চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা; বিধায়কসহ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.