গান্ধীজীৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে কটনীৰ তিলক ৰাষ্ট্ৰীয় বিদ্যালয়ত !
🎬 Watch Now: Feature Video
স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে দেশৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল ৷ ব্ৰিটিছৰ বিৰুদ্ধে দেশবাসীক সজাগ কৰিবৰ বাবে তেওঁ মধ্যপ্ৰদেশৰ কটনী ভ্ৰমণ কৰিছিল ৷ গান্ধীৰ কটনী ভ্ৰমণৰ সময়ত চহৰখনৰ প্ৰতিজন লোকেই তেওঁৰ এক দৰ্শন লাভৰ বাবে উৎকন্ঠিত হৈ পৰিছিল ৷ এই ভ্ৰমণকালত তেওঁ কটনীৰ হৰিজন কলনীৰ তিলক ৰাষ্ট্ৰীয় বিদ্যালয়ত আশ্ৰয় লৈছিল ৷ চহৰখনৰ মুখ্য প্ৰৱেশদ্বাৰত তেওঁ এক বিশাল জনসমুদ্ৰক সম্ভাষণ জনাইছিল ৷ এই আন্দোলনৰ পাছতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হাতত হাত ধৰি আগবাঢ়ি আহিবলৈ সকলোকে অনুৰোধ জনাইছিল গান্ধীজীয়ে ৷ এই প্ৰৱেশদ্বাৰকে বৰ্তমান মহাত্মা গান্ধী প্ৰৱেশদ্বাৰ বুলি জনা যায় ৷
এই ভ্ৰমণৰ পাছতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় দিয়ে ৷ কটনীৰ লোকসকলে শক্তিশালীভাৱে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ লগতে 'জংগল সত্যাগ্ৰহ'ৰ প্ৰচাৰ কৰে ৷ ইয়াৰ পাছতে গান্ধীয়ে কটনী অঞ্চলক 'মধ্যপ্ৰদেশৰ বাৰডলী' শিৰোনাম প্ৰদান কৰিছিল ৷
স্বদেশী গৰিমাৰে প্ৰতিষ্ঠিত হোৱা দেশৰ পাঁচখন বিদ্যালয়ৰ অন্যতম হিচাপে বিবেচিত হোৱা বাবে তেওঁ তিলক ৰাষ্ট্ৰীয় বিদ্যালয়ত আশ্ৰয় লৈছিল ৷ বাপুয়ে থকা কোঠাটো এতিয়াও বিদ্যালয় কৰ্তৃপক্ষই সংৰক্ষণ কৰি ৰাখিছে ৷ বাপুৰ স্মৃতিবোৰ এতিয়াও বিদ্যালয়খনে সাঁচি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে এখন গান্ধী বিচাৰ কেন্দ্ৰৰো প্ৰতিষ্ঠা কৰে ৷
গান্ধীৰ বিচাৰধাৰাক সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সমাজ কৰ্মী ৰাজগোপাল পি. ভি. য়ে ৷ ৰাজগোপালে গান্ধীৰ অহিংসা আৰু সত্যৰ নীতিক মানুহৰ মাজত প্ৰচাৰ কৰাৰ অহৰহ প্ৰচেষ্টা কৰিছে ৷ গান্ধীৰ নীতিসমূহ সকলোৰে মাজত বিলাই দিয়াৰ জৰিয়তেহে এখন শান্তিপ্ৰিয় ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পৰা যাব ৷