উত্তৰ প্ৰদেশৰ খেৰীৰ হিংসাত্মক ঘটনাৰ ভাইৰেল হ’ল ভিডিঅ’

By

Published : Oct 5, 2021, 11:11 AM IST

thumbnail
উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনা(Lakhimpur Violence)ৰ পাচতে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হৈছে এটি ভিডিঅ’ ৷ দাবী কৰা অনুসৰি, ভাইৰেল হোৱা ভিডিঅ’ৰ দৃশ্য উপ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ দিনটোৰ সৈতে সাদৃশ্য আছে ৷ ভিডিঅ’টিত প্ৰত্যক্ষ কৰা হৈছে যে, পথত খোজকাঢ়ি থকা একাংশ কৃষকক পিছফালৰ পৰা অহা এখন বাহনে মহতিয়াই নিয়ে ৷ ইফালে কংগ্ৰেছ নেতা তথা মিৰ্জাপুৰৰ প্ৰাক্তন বিধায়ক ললিতেশ পতি ত্ৰিপাঠীয়ে ভিডিঅ’টি সন্দৰ্ভত টুইট কৰি কয় যে, যিসকলে লখিমপুৰ কৃষক গণহত্যাৰ প্ৰমাণ বিচাৰে তেওঁলোকে প্ৰমাণ লোৱা উচিত । মাত্ৰ এই ৰক্তক্ষয়ী অপৰাধীসকলৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক ৷ অৱশ্যে ইটিভি ভাৰতে এই ভাইৰেল ভিডিঅ’টি সন্দৰ্ভত কোনো স্পষ্টীকৰণ দাঙি ধৰা নাই ৷ চাওক এই ভাইৰেল ভিডিঅ’টি...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.