ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক পৰিসংখ্যা - ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7560552-thumbnail-3x2-kk.jpg)
ভাৰতত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে COVID-19ৰ সংক্ৰমণ । 10 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 276583 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 7745 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 135205 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 90787 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 3289 গৰাকীলৈ বৃদ্ধি পাইছে । এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে গুজৰাট, দিল্লী, ৰাজস্থান, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো । ভাৰতৰ সকলো ৰাজ্যৰে COVID-19ৰ সাম্প্ৰতিক তথ্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...