দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ খ্ৰীষ্টমাছ উৎসৱ - Christmas festivities begin in the country

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 25, 2019, 2:56 PM IST

দেশৰ বিভিন্ন প্ৰান্তত মধ্যৰাতি 12 বজাৰ লগে লগে আৰম্ভ হ'ল খ্ৰীষ্টমাছ উৎসৱ ৷ খ্ৰীষ্টমাছ উপলক্ষে নানান ৰূপত সজাই তোলা হ'ল গীৰ্জাসমূহ ৷ 12 বজাৰ লগে লগে খ্ৰীষ্টমাছৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বহু লোকে ভিৰ কৰিলে গীৰ্জাসমূহত ৷ বিভিন্ন দেশৰ পৰা আহি উপস্থিত হোৱা পৰ্যটকেও উৎসৱত অংশগ্ৰহণ কৰি শান্তি,সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিচয় দিয়ে ৷ এই উৎসৱৰ শুভক্ষণতে গোৱা যান-বাহন আৰক্ষীয়েও গ্ৰহণ কৰিলে এক বিশেষ পদক্ষেপ ৷ যান-বাহন চলনৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে গোৱা যান-বাহন আৰক্ষীয়ে ছান্টা ক্ল'জৰ কাপোৰ পৰিধান কৰি সকলোকে মিঠাই বিতৰণ কৰে ৷ আনহাতে,ওড়িশাৰ বলুকা শিল্পী সুদৰ্শন পাটনায়কেও সাগৰৰ পাৰৰ বালিচৰত বালিত শিল্প নিৰ্মাণ কৰি দেশবাসীলৈ খ্ৰীষ্টমাছৰ শুভকামনা প্ৰেৰণ কৰে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.