thumbnail

By

Published : May 1, 2021, 8:54 PM IST

ETV Bharat / Videos

কাণপুৰত যৌতুক নোপোৱাৰ বাবে বিয়া বাতিল

দেশত অব্যাহত আছে যৌতুক দাবীৰ ঘটনা । এইবাৰ বিচৰামতে যৌতুক নোপোৱাৰ বাবে বিয়া ভাঙিলে দৰাৰ পৰিয়ালে । এই ঘটনা উত্তৰ প্ৰদেশৰ কাণপুৰ চহৰৰ । বিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি কৰাৰ পিছত কইনা বিয়াত বহিবলৈ প্ৰায় সাজু হৈছিল । পৰিয়ালেও দৰা অহালৈ অপেক্ষা কৰি আছিল আৰু তেতিয়াই দৰাৰ পৰা এটা বাৰ্তা আহিল । বিয়া পাতিবলৈ অস্বীকাৰ কৰা এই বাৰ্তা অহাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় কইনাৰ ঘৰত । পনকী থানাৰ অন্তৰ্গত গংগাপুৰত সংঘটিত হৈছে এই ঘটনা । পুষ্পলতা সিং নামৰ যুৱতী গৰাকীৰ বিয়া মহাৰাজপুৰ থানাৰ অন্তৰ্গত কৰোলী গাঁৱৰ ক্ৰান্তি সিঙৰ লগত হোৱাৰ কথা আছিল । ইফালে দৰাক আদৰিবলৈ সকলো সাজু হোৱাৰ সময়ত দৰা ঘৰে বিয়াখনৰ বাবে অস্বীকাৰ কৰাৰ লগে লগে কইনা ঘৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । পিছত আৰক্ষীক খবৰ দিয়া হয় । বিয়াঘৰত উপস্থিত হোৱাত কইনা ঘৰে অভিযোগ কৰে যে যৌতুকৰ দাবী পূৰণ নকৰাৰ বাবেই দৰা ঘৰে বিয়া বাতিল কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.